নষ্টালজিক চিঠিৰ ভাষা

Assamese Love Quotes For Love Letter/ Assamese Funny Love Quotes For Sending Text Message to Girlfriend & Boyfriend/ Love Quotes for GF

কল্পনাৰ কলম, কলিজাৰ মৰম,

চিঠিৰ জৰিয়তে পথালো তোমালৈ মৰম ৷৷

বহাগত লাগিব আম, জেঠত পকিলে খাম,

যদি তোমাৰ মোলৈ মৰম আছে, চিঠিৰ উত্তৰ পাম ৷৷

ফুল হ’লে ফুলিব, লতা হ’লে বগাব,

যদি মোলৈ মৰম আছে, চিঠিৰ উত্তৰ আহিব ৷৷

জুন জুলাই মাহত যিমান গৰম,

তোমালৈ মোৰ আছে সিমান মৰম ৷৷

লাও লাগে ডালত, কোমোৰা লাগে চালত,

চিঠিৰ মাজত চুমা দিছো, লগাই ল’বা গালত ৷৷

মন আকাশৰ উজ্জ্বল তৰা,

আতঁৰি নাযাবা মোৰ কাষৰ পৰা ৷৷

ফুল ফুলে যিদৰে, মৰম দিছো তোমাক সিদৰে,

ইমান মৰম বুকুত বান্ধি তোমাক পাহৰি যাম কিদৰে ৷৷

ডাঙৰ ডাঙৰ চহৰত সৰু সৰু আলি,

কিবা যদি ভুল হৈছে নাপাৰিবা গালি ৷৷

চৰাই উৰে আকাশলৈ, ঘূৰি আহে বাঁহলৈ,

তোমাক মই বিচাৰিছো, পত্নীৰুপে পাবলৈ ৷৷

জীৱনে বিচাৰে জীৱনৰ লগৰী, কবিয়ে বিছাৰে ভাষা,

যদি জীৱনৰ লগৰী হ’বই নোৱাৰা, কিয় দিছিলা আশা ৷৷

ফুল ফুলে  ওপৰত, পাহি মেলে দুপৰত,

চিঠিৰ উত্তৰ নাপালে দুখ লাগে অন্তৰত ৷৷

ফুল তুমি কিয় ফুলা, যদি মৰহি যোৱা,

প্ৰেম তুমি কিয় কৰা, যদি পাহৰি যোৱা ৷৷

পুৱাৰ বেলিটি পশ্চিমত ডুবিলে,

পশ্চিমত ওলালে জোন,

সুধিছো সঁচাকৈ, নক’বা মিছাকৈ তোমাৰনো ভাল পোৱা কোন ?

বাগিচাত বহুতো ফুল আছে, গোলাপৰ দৰে নহয়,

পৃথিৱীত বহুতো ছোৱালী আছে, তোমাৰ দৰে নহয় ৷৷

চীন দেশৰ চিৰা, জাপানৰ দৈ,

ঘনাই ঘনাই মনত পৰে ভণ্টি তোমালৈ ৷৷

ভাত খালো, মাছ খালো আৰু খালো জীন,

এই খনৰ উত্তৰ পালে আৰু এখন দিম ৷৷

দিগন্ত- মাইনা, বসন্ত-কুলি,

সপোনতো ভবা নাছিলো,

তুমি মোক ভাল পাবা বুলি ৷৷

পূৰ্ণিমাৰ জোনটি নহয় ধুনীয়া,

তাতো আছে কলঙ্কৰ চিন,

তোমাৰ মুখখন ইমান যে ধুনীয়া,

কাৰ লগতনো তুলনা দিম ৷৷

গদ ইজ গুদ বুলি ধৰিছিলা কলম,

মাই ডিয়াৰ ফ্ৰেণ্ড বুলি কৰিলো সমন্ধ,

লাভ ইজ লং বুলি সদায় জানিবা,

আই লাভ ইউ বুলি গ্ৰহণ কৰিবা ৷৷

কেতিয়া কাটিম কেঁচা খৰি, কেতিয়া লগাম জুই,

কেতিয়া পাতিম মনৰ কথা, একেখন বিছনাতে শুই ৷৷

ফুল ফুলে ফুলনিত, তুমি থাকা দূৰণিত,

সদায় তোমাক দেখা পাওঁ মাজ নিশাৰ টোপনিত ৷৷

পকা ধানৰ  মাজে মাজে এন্দুৰৰ গাত,

আখৰৰ মাজে মাজে চিয়াঁহীৰ দাগ ৷৷

Assamese Love Quotes For Love Letter/ Assamese Funny Love Quotes For Sending Text Message to Girlfriend & Boyfriend/ Love Quotes for GF

লিখো, লিখো বুলি লিখিব নোৱাৰো, কলমে আমনি কৰে,

এৰো এৰো বুলি এৰিব নোৱাৰো, মৰমে সাৱতি ধৰে ৷৷

যেতিয়া টোপনিত লাল-কাল,

তেতিয়া তুমি মোৰ বুকুৰ মাজত,

সাৰ পাই দেখিলো যে,

তুমি মোৰ পৰা বহু আতঁৰত ৷৷

পোন প্ৰথমে ধৰিলো কলম

এৰিব নোৱাৰো তোমাৰ মৰম,

লিখিব নোৱাৰো, শুৱলা ভাষাত

তথাপিতো লিখিছো উত্তৰৰ আশাত ৷

সাগৰ শুকাব পাৰে ৰ’দৰ তাপত,

পাহাৰ শুকাব পাৰে বতাহৰ কোবত,

তুমি মোক পাহৰিব পাৰা আনৰ মৰমত,

মই তোমাক পাহৰিব নোৱাৰো এই জীৱনত ৷

লক্ষ্যহীন জীৱনৰ ব্যথাহীন কলম,

অৰ্থহীন পত্ৰখনি কৰিবা গ্ৰহণ ৷

শব্দত ভুল যদি কৰিবা মাৰ্জনা,

মোৰ গোটেই জীৱনটো ভুলৰ অৰ্থনা ৷

কোনোমতে আছো নমৰি জীয়াই,

নেজানো ভগৱানে কেতিয়া দিয়ে মৰণ মিলাই ৷

জয় হিন্দ বুলি ধৰিলো কলম,

দ্বিতীয়তে যাচিলো তোমালৈ মৰম,

তেজক চিয়াঁহী কৰি পঞ্চভূতক আখৰ কৰি,

ভাবিছো তোমালৈ দুআষাৰ লিখো বুলি,

নিশ্চয় কৰিবা গ্ৰহণ হেলা নকৰি ৷  

…………………*********……………….

Leave a Comment

Your email address will not be published. Required fields are marked *