তোমাক পাহৰিব বিচাৰিছো

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese

তোমাক পাহৰিব বিচাৰিছো,

কিন্তু নি:শব্দ নিংসগ হিয়াৰ

মায়াবী কোলাহলে,         

হেৰুওৱাৰ বেদনাত অন্তৰ্দগ্ধ হৈ যোৱা !
মোৰ মন আকাশৰ
প্ৰতিপাহ কৃষ্ণচূড়া জগাই তোলেহি ৷

*************************

স্মৃতিৰ বিষাদ

সপোন এটাৰ বুকুত

এখন  নিৰ্জনতাৰ অৰণ্য গঢ়ি উঠিছে

ৰাতিৰ নিৰবতাত অৰণ্যৰ গভীৰতাৰ মাজেদি

ভাহি আহিছে এটি দেউ লগা চিঞৰ  ৷

যি মোক শুব দিয়া নাই

উজাগৰে কটাইছো ৰাতি

কেৱল নিৰবতাক বুকুত আকোৱালি  ৷                                     

আজিকালি সপোনবোৰে আহি আমনি নকৰে

চকুৰ পতা জপাবলৈ যে ভয় লাগে মোৰ !

জপাই দিলেই ভঙা সপোনৰ স্মৃতিবোৰে

বৰ বেয়াকৈ আঘাত হানে বুকুত ৷

নাজানো সপোনবোৰ আকৌ জিপা‍ল হৈ উঠিবনে নাই

মোৰ বুকুত….

নে স্মৃতিৰ বিষাদ বকুত বান্ধি হাঁহিব লাগিব

দুচকুৰ তলত পৰা  কলাবোৰ লৈ ….॥

******************************

বিশ্বাসেই যেতিয়া বিশ্বাসঘাটকতা কৰি যায় !

হাঁহি আঁৰত লুকাই থকা

বিষাদবোৰ বুজিব নালাগে

অমাবস্যা নিশাৰ আকাশত

জোনাক বিহীনৰ দৰে মাথোঁ 

লুকুৱাই ৰাখিব বিচাৰো

দুখ বোৰ আৰু হৃদয়ত প্ৰেমৰ সিক্তধাৰাৰে

বৈ থকা নদীখনক নিৰবতাৰ মাজত !

এদিন ভুল ভাবিছিলো তোমাৰ অবিহনে

জীয়াই থাকিব নোৱাৰিম চাগে কোনোদিনে

কিন্তু আজি তুমিয়েই  শিকায় দি গলা

কাৰোবাৰ অবিহনে জীয়াই থকাৰ প্ৰেৰণা ॥

দুখ নাই জানা এতিয়া কাৰোবাক হেৰুওৱাৰ,

কিন্তু সাহসো নাই কাৰোবাক আকোৱালি লোৱাৰ॥

বিশ্বাসেই যেতিয়া বিশ্বাসঘাটকতা কৰি যায়

হৃদয়ত মৰম ভালপোৱাবোৰ শূন্য হৈ যায়

ৰৈ যায় মাথো স্মৃতিৰ ধূসৰ হুমুনিয়াহ  ॥

*********************************

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese

এজাক জোনাকৰ ধুমুহা

নিশব্দতাৰ এটি নিশাতে

হৃদয়ত বিস্ফোৰণ কৰি

কঁপি-কঁপি আতৰি গ’ল জোনাক

নমাই আনি এজাক জোনাকৰ ধুমুহা ৷

মিছা হাঁহিৰ পোছাক পিন্ধি বাহিৰত

ছায়াময় কোঠাত উচুপি থকা হ’ল আৱেগৰ চকু দুটি  !

নিৰবতাত ভাঁহি আহিল কৰুণতাৰ চিঞৰবোৰ

আৰু মোক শুৱাই থৈ গ’ল জয়াল ৰাত্ৰিৰ মৰিশালিত ॥

কঁলা মেঘে আৱৰি ধৰিল মোৰ চাৰিও কাষ

দেখিছোঁ কেৱল আন্ধাৰ আৰু শূন্যতাৰ সমাহাৰ ॥

**************************************** 

Also Check:-

প্ৰতিটো মুহুৰ্ত  ভালে থকাৰ  অভিনয়  কৰাৰ নামেই জীৱন !!

ব’হাগৰ প্ৰথম বৰষুণ জাক

জোনাকৰ  হাততেই  হাত  ধৰি !

নিৰবতাৰ আস্ফালন

তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত

কথা আছিল! কথা নাছিল!

তোমাৰ সপোনৰ ৰাজকুমাৰ হ’ব নোৱাৰো

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

তোমাৰ অনুপস্থিতিত

অনুভৱ কৰানে তুমি

মনত পৰেনে তোমাৰো কেতিয়াবা !

যান্ত্ৰিকতাৰ বলি হলো অ’ মা

সময়

সোণালী পথাৰ Poem on nature

Leave a Comment

Your email address will not be published. Required fields are marked *