প্ৰতিটো মুহুৰ্ত ভালে থকাৰ অভিনয় কৰাৰ নামেই জীৱন !!

Assamese Sad Poetry / Sad Poems about Depression in Assamese / Assamese Sad Love Poetry/ Deep Depression Poems That Make You Cry

বিষাদৰ এবুকু স্মৃতি 

জোনাকৰ আকাশত জোন জ্বলাই খামুচি ধৰিবহি  কোনে কাৰ বুকুত … !!

মেঘাচ্ছ্ন্ন সন্ধিয়াৰ আকাশলৈ চাই আঁকিবহি কোনে মনত নীল সপোনৰ দাপোণ ..!!

হয়তো তুমি নুবুজিবা আজি… !! 

কোনে কাৰ বাবে দেখিছিল আশাৰ এগচি  চাকি জ্বলাৰ সপোন…!!

হয়তো  ভুল  মোৰে আছিল..!!

সেয়ে আঁজোৰি নিলা মোৰ জোনাকত জ্বলিব ধৰা সপোন…

মাথোঁ দি গ’লা প্ৰতাৰণা বিষাদৰ এবুকু স্মৃতি …….. !!

নিঃসঙ্গতা

হৃদয়ত কিমান ভালপোৱা থাকিলে সপোন পুহি ৰাখিব পাৰি

এতিয়া হয়তো ভালকৈয়ে বুজো, সেয়ে….

তোমাৰ অবিহনে ট্রেজেডি নাফালো, 

চিগাৰেট নোপোৰোঁ, মদ নিগিলো,

মাথোঁ পি খাওঁ জোনাক বিহীন নিঃসঙ্গতা …..!!

আৰু কি জানা !!

নিঃসঙ্গতাৰো বেলেগ আমেজ থাকে অকলশৰীয়া জীৱনত !!

কবিতাৰ দৰে শব্দ, ভাষাৰে জীৱনত নিজকে 

প্ৰাণ খুলি ভালপোৱাৰ স্বকীয়তা আছে ইয়াত ৷৷

Assamese Sad Poetry / Sad Poems about Depression in Assamese / Assamese Sad Love Poetry/ Deep Depression Poems That Make You Cry

নিৰৱতা 

ভালপোৱা আৰু  বিৰহৰ দোপালপিটা বৰষুণত..

উকা হৈ যোৱা নৈখনৰ দুয়োপাৰে এতিয়া..

নাম বিহীন পূৰ্ণিমাৰ জোনাকৰ সৈতে উমলি আছো …!!

নালাগে সংগ মোক এতিয়া কাৰু

নিৰৱতাই মোৰ এতিয়া প্ৰিয় সংগ ..!!

আৰু  কি জানা…!!

নিৰৱতাত জীয়াই থকা মাদকতা ভালপোৱাকৈ বহুত বেছি..!!

সেয়ে নিবিচাৰো কাকো মোৰ বাবে বিশেষ হৈ ৰ’ৱলৈ বা দুখো নকৰো..

কাৰণ জানো কোনো চিৰযুগমীয়া নহয় এই মায়াৰ সংসাৰত

হ’লেও এদিন হেৰুৱাবই লাগিব ..!!

হয়তো নিজৰ স্বাৰ্থৰ কাৰণে নহয় নিজৰ মুৰ্খামিৰ কাৰণে ৷৷

ভালপোৱা

আঁতৰি গ’লে যদি সুখী হব পাৰি 

দি যাৱা সুখী হোৱাৰ সংজ্ঞাটি …!!

আঁকি ল’ম তেতিয়া হৃদয়ৰ দলিচাত স্মৃতিৰ

অন্তহীন প্ৰেমৰ অকলশৰীয়া সৰল ৰেখাতি ..!! 

ভালপোৱা বুলি নাই একো আধুনিক  মায়াৰ সংসাৰত,

মাথোন হৈ পৰিল ই দিবাস্বপ্ন জীৱন মায়াৰ..!!

য’ত সকলো পায়ো একো নোপোৱাৰ দুখেই  সদায় বিৰাজমান ৷৷

সুখ আৰু দুখৰ নিজৰা

নিসংগতাই আবৰেহি  ৰাতি নিজানত …!! 

ভঙা সপোনৰ স্মৃতিয়ে কাঢ়ি নিয়ে টোপনি শয়নৰ ..!!

সোঁৱৰণীৰ মায়া জালত বোবা হৈ পৰে  হৃদয়ৰ ভাষা ..!!

অশ্ৰুৰ ৰূপ লৈ বৈ আহে নয়নৰ পৰা..!!

বুকুত অৰণ্যত এতিয়া  নিৰ্জনতাৰ প্ৰেমিক ..!!

সৃষ্টিৰ কামনাৰে পাহৰি যাওঁ ধংসৰ বেদনা স্মৃতিৰ ৷৷

অন্ধকাৰ ৰাতিৰ পাছতেই আহে কিৰণৰ উজ্বলতা..

এনেদৰেই বৈ থাকে জীৱন নদীৰ সুখ আৰু দুখৰ নিজৰা…!!

 সোৱৰণি এক মধুৰ ইতিহাস !! 

হেৰুৱালো কি তুমি বা মই !

সেই একেই সমস্ত ইতিহাস …

মই নদীৰ ইপাৰ আৰু তুমি সিপাৰ !

ভাল লাগে জানি অনুভৱৰ স্মৃতিৰ দলিচাত …

সোৱৰণি হৈ এতিয়াও জীয়াই আছে

সেই মধুৰ ইতিহাস ! !

SORRY 

যেতিয়া দুচকত সঁচা যেন লগা সপোনবোৰে তিৰবিৰায় ..

সঁচাকৈয়ে জীৱনটো বহুত ধুনীয়া যেন অনুভৱ হয় !! 

কিন্তু লাহে লাহে সকলো আন্ধাৰ হৈ আহে ..

ঠিক জোনাক নোহোৱা ৰাতিৰ দৰে !!

আৰু মইতো নিয়ৰৰ টোপালৰ দৰে খন্তেকীয়া 

আবেগৰ বশৱৰ্তী হৈ কাকো প্ৰতিশ্ৰুতি নিদো ..

ভগ্ন হৃদয়ৰ এজাক ধুমুহাৰ স্মৃতি

বুকুত সাৱতি জীয়াই থাকিবলৈ !!

Assamese Sad Poetry / Sad Poems about Depression in Assamese / Assamese Sad Love Poetry/ Deep Depression Poems That Make You Cry

Assamese Poem

অপেক্ষা

স্নিগ্ধ জোনাক ৰাতিৰ জয়াল শব্দত

সৰি পৰা এপাহি আলফুলীয়া শেৱালি তুমি !!

আগতে কাহানিও নোহোৱা এটি মিঠা অনুভৱৰ স্পন্দন তুমি !!

সপোনৰ নিয়ৰ সেমেকা দুৱৰিৰ দলিচা গচকি

এধানি কোমলতাক জিপাল কৰা অনুভূতি তুমি !!

নিশাৰ নিৰৱতা ভংগ কৰা এজাক কোমল ৰ’দালিৰ ৰহণ তুমি !!

ৰৈ আছে এই হৃদয় মাথো তোমাৰ অপেক্ষা কৰি !!

*******************************************

ব’হাগৰ প্ৰথম বৰষুণ জাক

জোনাকৰ  হাততেই  হাত  ধৰি !

তোমাক পাহৰিব বিচাৰিছো

নিৰবতাৰ আস্ফালন

তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত

কথা আছিল! কথা নাছিল!

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

অনুভৱ কৰানে তুমি

মনত পৰেনে তোমাৰো কেতিয়াবা !

তোমাৰ অনুপস্থিতিত

সোণালী পথাৰ Poem on nature

যান্ত্ৰিকতাৰ বলি হলো অ’ মা

তোমাৰ সপোনৰ ৰাজকুমাৰ হ’ব নোৱাৰো

সময়

Leave a Comment

Your email address will not be published. Required fields are marked *