ASSAMESE LANGUAGE CONTENTS

নষ্টালজিক চিঠিৰ ভাষা

Assamese Love Quotes For Love Letter/ Assamese Funny Love Quotes For Sending Text Message to Girlfriend & Boyfriend/ Love Quotes for GF কল্পনাৰ কলম, কলিজাৰ মৰম, চিঠিৰ জৰিয়তে পথালো তোমালৈ মৰম ৷৷ বহাগত লাগিব আম, জেঠত পকিলে খাম, যদি তোমাৰ মোলৈ মৰম আছে, চিঠিৰ উত্তৰ পাম ৷৷ ফুল হ’লে ফুলিব, লতা হ’লে বগাব, যদি মোলৈ মৰম আছে, চিঠিৰ উত্তৰ আহিব ৷৷ জুন জুলাই মাহত যিমান গৰম, …

নষ্টালজিক চিঠিৰ ভাষা Read More »

প্ৰতিটো মুহুৰ্ত ভালে থকাৰ অভিনয় কৰাৰ নামেই জীৱন !!

Assamese Sad Poetry / Sad Poems about Depression in Assamese / Assamese Sad Love Poetry/ Deep Depression Poems That Make You Cry বিষাদৰ এবুকু স্মৃতি  জোনাকৰ আকাশত জোন জ্বলাই খামুচি ধৰিবহি  কোনে কাৰ বুকুত … !! মেঘাচ্ছ্ন্ন সন্ধিয়াৰ আকাশলৈ চাই আঁকিবহি কোনে মনত নীল সপোনৰ দাপোণ ..!! হয়তো তুমি নুবুজিবা আজি… !!  কোনে কাৰ বাবে দেখিছিল …

প্ৰতিটো মুহুৰ্ত ভালে থকাৰ অভিনয় কৰাৰ নামেই জীৱন !! Read More »

ব’হাগৰ প্ৰথম বৰষুণ জাক – এমুঠি মৰমৰ জীয়া অনুভৱ

 Poems For Loved Ones: Love Poems For Her From The Heart গুন গুন সুৰ এটি হৈ আহিছে ব’হাগৰ প্ৰথম বৰষুণ জাক  হিম শীতল এচাটি চেঁচা সুবাস লৈ ব’হাগৰ আকাশত কজলা মেঘে বজাইছে গাজনিৰ ঢোল মোৰ দেহ মনত লগাইছে আনন্দৰ বোল কিয়নো ব’হাগৰ প্ৰথম  বৰষুণ জাক মোৰ বুকুৰ আপোন ৷ নামিছে বুকুত  মায়াবী সপোনৰ শিহৰণ ব’হাগৰ আকাশৰ পৰা  নামি অহা বৰষুণৰ টোপালবোৰত তিতিছিলো তোমাৰ সতে  এনে এজাক বৰষুণত সেয়ে ব’হাগৰ প্ৰথম  বৰষুণ জাক মোৰ প্ৰিয় ৷৷ চিপ চিপ্ মায়াবী বৰষুণজাকত কলেজৰ বগা ইউনিফৰ্ম জোৰে তোমাক সপোনৰ পৰী যেন লাগিছিল,  তোমাক দেখি পাহৰি গৈছিলো বিষাদৰ সকলো ৰাগিণী খিলখিলাই হাঁহি উঠিছিল বৰষুণৰ কণ কণ ৰূপালি তৰা ভালপোৱাৰ গান গুণ গুনাই ! কজলা আকাশত  মেঘে মাৰিছিল গাজনি মোৰ হাতৰ আঙুলিৰ ফাঁকত ধৰিছিলা তোমাৰ আঙুলিৰে ভয়ত চেপি আজিও জীপাল হৈ আছে হৃদয়ৰ কোনোবা কোণত সেই অনুভূতি ৷৷ আহিবানে আকৌ  ব’হাগৰ প্ৰথম  বৰষুণ জাক হৈ তুমি জীপাল কৰিবলৈ মোৰ হৃদয়ৰ পথাৰখন তোমাৰ হাতত হাত ধৰি আকৌ  হিয়া ভৰি তিতিম দুহাত মেলি বৰষুণৰ টোপালবোৰ চুই খিলখিলাই হাঁহিম হৃদয়ে কৰিব গুণগুণ বোৱাই ভালপোৱাৰ নদীখন নিবিড়ভাবে সাৱটিবা বৰষুণ জাকৰ কোমল পৰশত বুকত শুই থকা সপোনে সাৰ পাই উঠা আবেগৰ ৰোমন্থনত হাঁহি কান্দোনৰ মাজত নাজানো ক’ত হেৰাই গ’ল জীৱনৰ ৰংবোৰ তথাপি হিয়া উজাৰি অপেক্ষা কৰিছো তিতিবলৈ তোমাৰ সৈতে বহাগৰ প্ৰথম বৰষুণ জাকত ! যদিও ৰাখিব নোৱাৰো তোমাক আজন্ম মোৰে কাষত তথাপি হিয়া উজাৰি আশা কৰো বসন্তৰ দুৱাৰ দলিত আহিবা সেউজীয়া সপোন হৈ ব’হাগৰ প্ৰথম বৰষুণ জাকত তুমি বাৰুকৈয়ে প্রয়োজন আজি মোক হিম শীতল চেচাঁ পৰশ দিয়া সেই বৰষুণজাকৰ ৷৷ ************************************ Also Check:- …

ব’হাগৰ প্ৰথম বৰষুণ জাক – এমুঠি মৰমৰ জীয়া অনুভৱ Read More »

জোনাকৰ হাততেই হাত ধৰি !

জোনাকৰ  হাততেই  হাত  ধৰি ! Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese অস্ত যোৱা বেলিটিয়ো উভতি আহে নতুন পুৱা এটিৰ উপহাৰ দিবলৈ, সেয়ে পাহৰিব নোখোজো সময় আৰু সময়ে দিয়া উপহাৰবোৰ । মোৰ ওঁঠৰ সুমথিৰা হাঁহিবোৰ শুকাই যাব খুজিছে, অথচ থৰ হৈ …

জোনাকৰ হাততেই হাত ধৰি ! Read More »

তোমাক পাহৰিব বিচাৰিছো

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese তোমাক পাহৰিব বিচাৰিছো, কিন্তু নি:শব্দ নিংসগ হিয়াৰ মায়াবী কোলাহলে,          হেৰুওৱাৰ বেদনাত অন্তৰ্দগ্ধ হৈ যোৱা ! মোৰ মন আকাশৰ প্ৰতিপাহ কৃষ্ণচূড়া জগাই তোলেহি ৷ ************************* স্মৃতিৰ বিষাদ সপোন এটাৰ বুকুত এখন  নিৰ্জনতাৰ অৰণ্য গঢ়ি উঠিছে ৰাতিৰ নিৰবতাত অৰণ্যৰ গভীৰতাৰ মাজেদি ভাহি আহিছে এটি দেউ লগা চিঞৰ  ৷ যি মোক শুব দিয়া নাই উজাগৰে কটাইছো ৰাতি কেৱল নিৰবতাক বুকুত আকোৱালি  ৷                                      আজিকালি সপোনবোৰে আহি আমনি নকৰে চকুৰ পতা জপাবলৈ যে ভয় লাগে মোৰ ! …

তোমাক পাহৰিব বিচাৰিছো Read More »

নিৰবতাৰ আস্ফালন

 Depression  poems about love and pain নিৰবতাৰ আস্ফালনত খোল খায় হৃদয়ৰ অব্যক্ত অনুভূতিবোৰ শূণ্য হৈ পৰা হৃদয়ৰ কোলাহলত ।। তোমাৰ অবিহনে ৰং বিহীন হৈ পৰিছে আকাশৰ ৰামধেনু আৰু সাগৰৰ নীলা উজাগৰি নিশা তোমাৰ অভিমানবোৰ ভাঙি দেখাব যে নোৱাৰো সপোনৰ  মায়া  কাৰণ  আজি তুমি মোৰ  কাষত  নাইকিয়া ॥ অমাবস্যাৰ শেষত চাব নোৱাৰো  আকাশত  জোনাক  পূৰ্ণিমাৰ হৃদয়খন  হৈ  পৰিছে  কেৱল  অমাবস্যাৰে এন্ধাৰ এদিন  তুমিয়ে কৈছিলা  “জোনাক হৈ সদায় উজলায় ৰাখিম, তোমাৰ জীৱনৰ এন্ধাৰ “ আৰু আজি  জোনাকতে এৰি  গুচি দি গলা মাথো হৃদয়ত কালৰাত্ৰি অমাবস্যাৰ শূণ্যতা ॥ নোৱাৰো কৰিব আত্মহত্যা বিবেকে দিয়ে বাধা লিখিবও  নোৱাৰো  যে ভগ্ন হিয়াৰে বিষাদ গাথা বন কুকুৰাৰ চিঞৰত মাথো সেমেকি উঠে গাৰুৰ শিতান আঘাতপ্ৰাপ্ত হিয়াৰ বেদনাত ॥ শীতল হৈ পৰিব মোৰ মৃত্যুত যেতিয়া যান্ত্ৰণাত উদ্ভৱ হোৱা হৃদয়স্পশী বেদনা, উপলুঙা নকৰিবা যদি নামি আহে চকুৰে বৰ্ষা শোকাকুল হৃদয়ত খোন্দা মাৰি ধৰা বেদনাত ॥ স্মৃতিৰ  মণিকোঠাত  জাহ যাবনে  কেতিয়াবা বাৰু বিৰহৰ সোৱৰণীবোৰ, প্ৰেমৰ আবেগবোৰ পাৰিমনে পাহৰিব স্মৃতিৰ সুখ-দুখৰ শিহৰণবোৰ ॥ চকুত দুখৰ চকুপানী মুখত বেদনাৰ হাঁহি লৈ তোমাক হেৰুৱায় সুখী হ’ব পৰা নাই মই  আৰু  মোক হেৰুৱায় তুমি  বাৰু পাৰিছা নে ! ( কি যে অবান্তৰ প্ৰশ্ন  সুধিছো তোমাক ! ) ॥ কিয় জানো পৰা নাই পাহৰিব তোমাক তুমি আতৰি যোৱাৰ পৰাই যদিও হেৰুৱালো মই মোৰ নিজস্বতাক ॥ পুৱতি নিশা বাজি উঠা ফোনটিত তোমাৰ নিদ্ৰাশিক্ত কন্ঠস্বৰ শুনিবলৈ ব্যাকুল এই হৃদয় জানো অপেক্ষা  কৰি একো  লাভ নাই তথাপি  হৃদয়খন যেন এক অবুজ …

নিৰবতাৰ আস্ফালন Read More »

তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত কেতিয়া তোমাৰ সৈতে চিনাকী হৈছিলো মনত নপৰে  হিয়াখনো তোমাক উপহাৰ হিচাপে দিয়া নাছিলোঁ প্ৰণয়ৰ বান্ধোনত বান্ধ খাবলৈ তথাপি কেনেকৈ নাজানো অভিমানবোৰত লাহে লাহে সোমায় পৰিছিল  মৰমৰ এজাক মলয়া বতাহ …

তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত Read More »