Assamese Story

হৃদয়খন যেন সঁচাই এক বৰ অবুজ সাঁথৰ !!

Assamese Love Story / Assamese Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of Assamese          অৱশেষত বহু প্ৰতীক্ষিত ৰাজৰ প্ৰিয় বৰষাজাক এছাটি শীতল মলয়া বতাহৰ সুবাস লৈ নামি আহিছে…. মনটোত যেন এক অজান শিহৰণ যাগি উঠিছে তাৰ ৷ আস্ কি আমেজ ! দুহাত মেলি আকাশলৈ সি আগুৱাই দিলে তাৰ …

হৃদয়খন যেন সঁচাই এক বৰ অবুজ সাঁথৰ !! Read More »

এক অবুজ শিহৰণ আছিল সেই বৰষাজাকত !!

Assamese Love Story / Heart Touching Assamese Love Story  “ ক্ষমা কৰিবা.. মই তোমাক নিজৰ কৰিব নোৱাৰো ইমান সোনকালে, তাতকে মোক তুমি পাহৰি যোৱা,  তুমি সুখত থাকা তাৰে কামনা কৰিছো । Bye ”      স্মৃতিৰ ৰোমন্থনত যেন কথাবোৰ আকৌ ৰাজৰ মানসপটত  ভাঁহি আহিছে । এছাটি শীতল মলয়াৰ সুবাস লৈ যেন নামি আহিছিল বৰষাজাক সেইদিনা । সচাঁকৈয়ে এক অবুজ শিহৰণ আছিল সেই  বৰষাজাকত । – ক্ৰিৰিং ক্ৰিৰিং ….ফোনটো বাজি উঠিল ।                  – Hello…. – কান্দোনৰ শব্দ ভাঁহি আহিল… – আৰে কি হ’ল তোমাৰ ? কান্দিছা কিয় ? – অই কি হল কোৱাচোন ? – মোক চাবলৈ লৰা আহিব আজি… – হা:হা:হা: – তুমি হাঁহিছা যে… –  অ’ নাহাঁহি ‍ কান্দিম নেকি ? ছোৱালী বয়স হলে লৰাটো আহিবই ছোৱালী চাবলৈ, তাতে কি কান্দিব লাগেনে ? – ধেমালি নকৰিবা । আজি লৈকে serious হব নিহিকিলা অকনো । মই হে জানিছো মোৰ কেনেকুবা লাগিছে । যদি তোমাৰ পৰা কোনোবাই মোক অতঁৰাব বিচাৰে তুমি কি একো নকৰিবা নে মই তোমাৰ জীৱনৰ পৰা গুচি গলহে ভাল পাবা ? কোৱা মোক ? Assamese Love Story / Heart Touching Assamese Love Story – বাহ: বেলেগ emotional dialog  মাৰিব পাৰা দেই তুমি মানিব লাগিব কিন্তূ… – আহ: কিনো মানে …খালি ধেমালি কৰি থাকিবা অকল.. – আহিব দিয়া আকৌ তোমাক চাবলৈ হে আহিব, বিয়া পাতি লৈ যাবলৈ নাহে নহয়…. – যদি পচন্দ কৰে তেতিয়া কি হব ? মোৰ বহুত ভয় লাগিছে । লৰাটোক মোৰ মা দেউতাৰো পচন্দ কৰিছে জানা … – সেইকাৰণে ইমান ধুনীয়া হব নালাগে ছোৱালী বুজিছা আৰু  তোমাক দেখিলে যে ডেকাটো বাদেই দিয়া বুঢ়াৰো পচন্দ কৰিব । – আহ: ধেমালি নকৰিবাচোন ..! অলপটো ছিৰিয়াচ হোৱা … মোৰ মনটো কেনেকুবা লাগি আছে মই হে জানিচো…মোৰ বৰ ভয় লাগিছে…তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম …মই মৰি থাকিম তোমাৰ পৰা আতৰিব লাগিলে… – ফাল্টু কথাবোৰ কিয় কোৱানো ? ভালহে পাব লাগে নতুন experience এটা  পাবা আজি… – নালাগে যা… তোমালোক লৰাবোৰ বৰ বেয়া, অকনো serious নোহোৱা…. তুমি আমাৰ কথা কিয় ঘৰত নোকোৱাহি… ? তোমাকতো আমাৰ ঘৰত সবেই ভাল পায় …. -হেই ইমান সোনকালে বিয়া নাপাতো মই… -সময় মানে তোমালৈ ৰয় থাকিব নে মই বুঢ়ী হোৱালৈ বাট চায় আছা…তুমিয়ে কোৱাচোন মোক ছোৱালী কুৰিতে বুঢ়ী হয় বুলি… – সেই বুলি মোৰ ইমান কম বয়সতে বিয়া পাতিব মন নাই… …

এক অবুজ শিহৰণ আছিল সেই বৰষাজাকত !! Read More »

“ভালপোৱা” – প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজত চেপা খাই থকা সময়খিনি !

Assamese Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of Assamese          জীৱনত কেতিয়া কাক ভাল লাগি যায় কব নোৱাৰি, কেতিয়াবা কোনোবা কাষত থাকিও আমি গম নাপাওঁ সেইজনেই সেই বিশেষজন, যাক প্ৰতিটো পল মনে বিচাৰি ফুৰে ৷ কিন্তূ সেই বিশেষ মানুহজন যেতিয়া এদিন কাষত নাথাকে বা নেদেখোঁ মনটো যেন অকনো ভাল নালাগে, কিয় নাজানোঁ ৷ হয়তো যৌৱনটো এনেকুৱাই কোন কেতিয়া কাৰ বুকুৰ গভীৰতাত সোমায় পৰে কোনেও কব নোৱাৰে ৷বন্ধুত্বৰ মাজতো যেন প্ৰেম লুকাই থাকে, কাৰ হৃদয়ে কেতিয়া কাক ভাল লগাই যায় কোনেও নাজানে মাত্ৰ অনুভৱৰ দলিচাত সোমায় অহা আবেগে হৃদয় জোৰাই যায় ৷           হয়তো ভবা নাছিল সিহঁতেও কিজানি, কেতিয়া সিহঁতৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হৈ পৰিব ৷ বন্ধুত্বৰে আৰম্ভ হোৱা সৰ্ম্পকটো কেতিয়া হৃদয়ত ঠাই লৈ মনৰ জোনাকী আকাশখন  মৰমেৰে পৰিপূৰ্ণ কৰি পেলাব ৷ অভি আৰু অনু দুয়ো ভাল বন্ধু আছিল । সিহঁতে ইটোৱে সিটোক বহুত ভাল পাইছিল । দুচকুৰ ভাষাৰে দিয়া উত্তৰবোৰ যে ইমান মিঠা হব পাৰে সিহঁতহালৰ বাদে কোনে বুজিব । কিন্তূ ইটোৱে সিটোক কোনোদিনে কব পৰা নাছিল ৷ যেন ক’লেই ইটোয়ে সিটোক বেয়া পায় আঁতৰি যোৱা ভয়, কিন্তূ সিহঁতৰ মনৰ সুবাসবোৰ যেন কলেজত লাহে লাহে বিয়পি পৰিছিল অথচ সিহঁতয়ো নাজানে ৷ মাত্ৰ সকলোৱে চায় আছিল দুটি মন এটি হোৱা ক্ষণতিলৈ ৷           মনৰ কথাবোৰ মনত সোমোৱাই দুয়ো সুখী হব পৰা নাছিল ৷ কিমান দিননো আৰু সিহঁত তেনেকৈ থাকিব ৷ কলেজৰ বন্ধত অনু অবিহনে অভিৰ দিনবোৰ বহু যুগৰ নিচিনা লাগিছিল ৷ তাই অবিহনে  সি আধৰুৱা হৈ পৰিছিল ৷এদিন সাহস কৰি অভিয়েই অনুলৈ ফোন লগালে ৷ Assamese Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of Assamese – হেল্লো .. অ অভি কোৱা ? – কি কৰি আছা ? – এনেই নৈ পাৰলৈ ওলায় আহিছোঁ  লগৰ কেইজনীৰ লগত ৷ – তোমালোকৰে ভাল দেই নৈ-চৈ সব আছে ৷ আমিবোৰহে যান্ত্ৰিকতাৰ বিষাক্ত ধোঁৱা খায় থাকিব লাগে চহৰত৷ – অ’ হয় নেকি ! আহা তেতিয়াহ’লে আমাৰ ইয়ালৈকে, গাঁৱৰ বিশুদ্ধ বতাহ খাব পাৰিবা ৷ -ওমম্ … তুমি যদি  সন্মতি দিয়া, তেতিয়াহ’লে এদিন নহয় এদিনতো সঁচাকৈয়ে যাব লাগিব ৷ – মানে ? – বাদ দিয়া পিছত কম ৷ – কি বাদ দিয়া আকৌ ৷ কি কথা কোৱা ? – বাদ দিয়া এতিয়া ৷ পিছত  কম ৷ – প্লিজ কোৱাচোন মোৰে শপত । – তুমি বেয়া পাবা ! – নাপাওঁ  বেয়া । কোৱা এতিয়া ! প্লিজ.. – কিবা ভয়হে লাগিছে ৷ – ভয় আকৌ কিয় ? কোৱা কি কব বিছাৰিচা ৷ – কৈছো তেন্তে, প্লিজ..  বেয়া নাপাবা খালি মোক ৷ – নাপাওঁ বেয়া কোৱা এতিয়া৷  দীঘল উশাহ এটা ভাঁহি আহিল ফোনতে… – আৰে কি হৈছে, ইমান nervous …

“ভালপোৱা” – প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজত চেপা খাই থকা সময়খিনি ! Read More »

ভৱিষ্যত নথকা আবেগিক সম্পৰ্ক

Assamese Sad Story / Heart Touching Assamese Sad Love Story                “ভৱিষ্যত নথকা আবেগিক সম্পৰ্কই যে ক্ষণিকতে বহুকেইটা জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে সি বাৰুকৈয়ে অনুভৱ কৰিলে সিদিনা ৷” Assamese Sad Story / Heart Touching Assamese Sad Love Story/ Assamese Love Story টুইট টুইট….             ৰাতি ১১ বাজিছে ৷ নতুনকৈ খোলা …

ভৱিষ্যত নথকা আবেগিক সম্পৰ্ক Read More »

আৰম্ভণি এক পবিত্ৰ সৰ্ম্পকৰ -Love You Forever

The Story of My Life / Love You Forever     মানুহৰ জীৱনৰ সৰু সৰু কিছুমান ঘটনাই কেতিয়াবা হৃদয়ত দ’কৈ শিপা মেলি সোমাই যায়  খৰাং বতৰত এজাক বৰ্ষাই যেনেকৈ শুকাই ফাট মেলি  থকা ধৰণীক জীপাল কৰি তুলিব পাৰে ঠিক তেনেকৈ কাৰোবাৰ শব্দৰ তৰংগৰ মাজেদি ভাহি অহা এষাৰ কথাই জীৱনত জীয়াই থকাৰ প্ৰেৰণাও দিব পাৰে ৷ কিমান সুমধুৰ আৰু সুন্দৰ ব্যৱহাৰে কাৰোবাৰ মনত ক্ষণিকতে আত্মীয়তা গঢ়ি তুলিব পাৰে সেয়া হয়তো কোনেও ক’ব নোৱাৰিব ৷ কিন্তু জ্যোৎস্নাৰ লগত এদিনতে ৰাজৰ আন্তৰিকতাৰে আত্মীয়তা সম্পৰ্ক গঢ় লৈ উঠিছিল ৷           সেইদিনা আছিল সোমবাৰ ৷ অফিচৰ পৰা আহি ৰাজে তাৰ বিচনাখনতে Relaxation লৈ আছিল ৷ তেতিয়াই তাৰ ফোনটো বাজি উঠিল ৷ University ত পঢ়ি থকা তাৰ মৰমৰ ভনীয়েক তৰাই তালৈ ফোন কৰিলে ৷ – Hello… অই দাদা কি কৰি আছো ? অফিচৰ পৰা আহি পালিহি নে ঘৰ ? – ওমম্ পালোহি৷ তই কি কৰিছো ? – ময়ো আছো আৰু কিবা কিবি কৰি ৷ তোৰ লগত কথা এটা আছে ৷ – হয় নেকি ? কি কথানো ? – অই তোক নহয় আমাৰ হোষ্টলৰ  লগৰ এজনীয়ে বৰ পচন্দ কৰিছে ৷ তোৰ লগত চিনাকি হব বিচাৰিছে ৷ – হয় নেকি ? কাম নাই আৰু তোৰ ৷ – তোৰ কথা বৰকৈ কৈ আছে ৷ ছোৱালি জনীয়ো বহুত ভাল ৷ – তোৰ ভাল লাগিছে নে ? – ওমম্ বহুত ৷ – মই কি কৰিব লাগে পিছে ৷ – ৰ’হ মই তোক তাইৰ নাম্বাৰটো দিছো ৷ – তই কথা পাতি চাচোন তাইৰ লগত ৷ – পাগল হৈছো নেকি ? – একো নহয় অ’ – হ’ব বাৰু কৰিম পাছত ৷ – থিক আছে কৰিবি কিন্তু ৷ তাই ৰৈ আছে ৷ The Story of My Life / Love You Forever           কি  যে ছোৱালি নহয় এইজনী ৷ ৰাজে মনৰ ভিতৰতে ভোৰভোৰালে ৷ বৰ মৰম কৰে ৰাজক তাই ৷ একমাত্ৰ ককায়েকৰ কাৰণে তাইৰ বৰ চিন্তা, সিয়ো তাইক বহুত মৰম কৰে ৷ ৰাজৰ আৰু প্ৰিয়াৰ Breakup ৰ কথা তাই ভালকৈয়ে জানে প্ৰিয়াৰ বিশ্বাসঘাটকতাত তাইৰ ককায়েক কেনেকৈ ভাগি পৰিছিল সেইকথা তাই ভালদৰে বুজি পায় ৷ তায়ে কৈছিল দাদা তই কিয় মন মাৰি থাকো মই থাকোতে, মই আছো নহয় তোলৈ প্ৰিয়াত কৈয়ো ভাল ছোৱালি মই চাম আৰু তোৰ সেই প্ৰিয়াজনীক যে মোৰ অকনো পচন্দ নহয় তই হে কি দেখিছিল তাই মাজত তইহে জানো আৰু ৷ ভগৱানে যি কৰে ভালে কৰে ৷ কথাবোৰ যেন আকৌ ৰাজৰ মনলৈ আহি তাৰ মনটোক অস্হিৰ কৰি তুলিছে ৷ তেনেতে আকৌ ভনীয়েকে তালৈ ফোন কৰিলে ৷ -অই দাদা কৰ না Call এটা  তাইলৈ ৷ – হেই এইজনী কি লাগি আছো ৷ – কৰ চোন মোৰ শপত দিছো ৷ধেমালি কৰিছিলো অ’ আচলতে আজি তাই মোৰ Mobile  চায় আছিল, তোৰ ফটোখন দেখি কি হ’ল নাজানো তাইৰ চকুপানী …

আৰম্ভণি এক পবিত্ৰ সৰ্ম্পকৰ -Love You Forever Read More »

“শেৱালি” – হৃদয়ৰ এক প্ৰতিশ্ৰুতি !! (True Love Story)

Assamese True Love Story / Assamese Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of Assamese        শান্ত হৈ বৈ থকা নদীখনৰ পাৰৰ ডাঙৰ শিলটোত বহি ৰমেনে নৈখনলৈ চায় আছে ৷ এই ঠাইখন তাৰ বৰ প্ৰিয় ৷গোটেই  দিনটো কষ্ট কৰি সি প্ৰায়ে তাৰ চিনাকি এই  ঠাইখনলৈ আহে৷ ইয়াৰ শান্ত পৰিবেশত বহিলে …

“শেৱালি” – হৃদয়ৰ এক প্ৰতিশ্ৰুতি !! (True Love Story) Read More »