নিৰবতাৰ আস্ফালন

 Depression  poems about love and pain নিৰবতাৰ আস্ফালনত খোল খায় হৃদয়ৰ অব্যক্ত অনুভূতিবোৰ শূণ্য হৈ পৰা হৃদয়ৰ কোলাহলত ।। তোমাৰ অবিহনে ৰং বিহীন হৈ পৰিছে আকাশৰ ৰামধেনু আৰু সাগৰৰ নীলা উজাগৰি নিশা তোমাৰ অভিমানবোৰ ভাঙি দেখাব যে নোৱাৰো সপোনৰ  মায়া  কাৰণ  আজি তুমি মোৰ  কাষত  নাইকিয়া ॥ অমাবস্যাৰ শেষত চাব নোৱাৰো  আকাশত  জোনাক  পূৰ্ণিমাৰ হৃদয়খন  হৈ  পৰিছে  কেৱল  অমাবস্যাৰে এন্ধাৰ এদিন  তুমিয়ে কৈছিলা  “জোনাক হৈ সদায় উজলায় ৰাখিম, তোমাৰ জীৱনৰ এন্ধাৰ “ আৰু আজি  জোনাকতে এৰি  গুচি দি গলা মাথো হৃদয়ত কালৰাত্ৰি অমাবস্যাৰ শূণ্যতা ॥ নোৱাৰো কৰিব আত্মহত্যা বিবেকে দিয়ে বাধা লিখিবও  নোৱাৰো  যে ভগ্ন হিয়াৰে বিষাদ গাথা বন কুকুৰাৰ চিঞৰত মাথো সেমেকি উঠে গাৰুৰ শিতান আঘাতপ্ৰাপ্ত হিয়াৰ বেদনাত ॥ শীতল হৈ পৰিব মোৰ মৃত্যুত যেতিয়া যান্ত্ৰণাত উদ্ভৱ হোৱা হৃদয়স্পশী বেদনা, উপলুঙা নকৰিবা যদি নামি আহে চকুৰে বৰ্ষা শোকাকুল হৃদয়ত খোন্দা মাৰি ধৰা বেদনাত ॥ স্মৃতিৰ  মণিকোঠাত  জাহ যাবনে  কেতিয়াবা বাৰু বিৰহৰ সোৱৰণীবোৰ, প্ৰেমৰ আবেগবোৰ পাৰিমনে পাহৰিব স্মৃতিৰ সুখ-দুখৰ শিহৰণবোৰ ॥ চকুত দুখৰ চকুপানী মুখত বেদনাৰ হাঁহি লৈ তোমাক হেৰুৱায় সুখী হ’ব পৰা নাই মই  আৰু  মোক হেৰুৱায় তুমি  বাৰু পাৰিছা নে ! ( কি যে অবান্তৰ প্ৰশ্ন  সুধিছো তোমাক ! ) ॥ কিয় জানো পৰা নাই পাহৰিব তোমাক তুমি আতৰি যোৱাৰ পৰাই যদিও হেৰুৱালো মই মোৰ নিজস্বতাক ॥ পুৱতি নিশা বাজি উঠা ফোনটিত তোমাৰ নিদ্ৰাশিক্ত কন্ঠস্বৰ শুনিবলৈ ব্যাকুল এই হৃদয় জানো অপেক্ষা  কৰি একো  লাভ নাই তথাপি  হৃদয়খন যেন এক অবুজ …

নিৰবতাৰ আস্ফালন Read More »

তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত কেতিয়া তোমাৰ সৈতে চিনাকী হৈছিলো মনত নপৰে  হিয়াখনো তোমাক উপহাৰ হিচাপে দিয়া নাছিলোঁ প্ৰণয়ৰ বান্ধোনত বান্ধ খাবলৈ তথাপি কেনেকৈ নাজানো অভিমানবোৰত লাহে লাহে সোমায় পৰিছিল  মৰমৰ এজাক মলয়া বতাহ …

তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত Read More »

কথা আছিল! কথা নাছিল!

কথা আছিল ! কথা নাছিল ! হাস্নাহানাৰ গোন্ধত  জোনাকি নিশা মুকলি আকাশৰ তলত বহি কথা পতাৰ কথা আছিল ! কথা নাছিল বতাহত কঁপি অহা তোমাৰ মাতত অশ্ৰুৰ সাগৰত ডুবি মোৰ শিতানৰ গাৰু সেমেকা কৰাৰ !  Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Love Poem in Assamese …

কথা আছিল! কথা নাছিল! Read More »

তোমাৰ সপোনৰ ৰাজকুমাৰ হ’ব নোৱাৰো

তোমাৰ সপোনৰ ৰাজকুমাৰ হ‘ব নোৱাৰো Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Assamese Love Poem তুমি ভবাৰ দৰে মই ভাবিব নোৱাৰো তুমি বিচাৰাৰ দৰে তোমাক আপোন কৰিব নোৱাৰো তোমাৰ সপোনৰ ৰাজকুমাৰ হ’ব নোৱাৰো  অনামিকা আঙুলিয়ে তোমাৰ শিৰত হেঁপাহৰ সেন্দুৰৰ ৰেখাডাল অংকন কৰিব নোৱাৰো । **************************** যান্ত্ৰণাৰ …

তোমাৰ সপোনৰ ৰাজকুমাৰ হ’ব নোৱাৰো Read More »

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese জোনাকী অতীতৰ দুখৰ দিনত  স্বাভিমানত আত্মহত্যা কৰিছিল জোনাকত তিৰবিৰাই থকা মোৰ অনুভূতিবোৰে, তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি ৷৷ অলপ বুজা আৰু বহু নুবুজা আবেগৰ মায়াজালত দিয়া তোমাৰ ভূৱা প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাৰ শব্দবোৰে ছুড়মাৰ কৰি …

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি Read More »

তোমাৰ অনুপস্থিতিত

আবেগিক হৈ প্ৰেমত পৰিব নোখোজো Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese আবেগিক হৈ প্ৰেমত পৰিব নোখোজো  তোমাৰ লাস্যময়ী হাঁহিটিৰ ৷৷ নোৱাৰো আঁকিব তোমাৰ ওঁঠত হাঁহিৰ পখিলা আন্ধাৰে আৱৰি থকা জীৱনৰ বিষাদেৰে ৷৷ ব্যস্ততাৰ দপদপনিত  তোমাৰ অভিমানত কঁপি থকা ওঁঠ জুৰিক …

তোমাৰ অনুপস্থিতিত Read More »

অনুভৱ কৰানে তুমি

অনুভৱ কৰানে তুমি very sad assamese love poem/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese অনুভৱ কৰানে তুমি কিমান অৱহেলা পালে মনে হুক হুকাই কান্দিবলৈ বাধ্য হয় !        অনুভৱ কৰানে তুমি কিমান কষ্ট  পালে দুখবোৰে হৃদয় কপাই চূৰমাৰ কৰি থৈ যাব পাৰে মনটোক ! অনুভৱ কৰানে তুমি …

অনুভৱ কৰানে তুমি Read More »