ব’হাগৰ প্ৰথম বৰষুণ জাক – এমুঠি মৰমৰ জীয়া অনুভৱ

 Poems For Loved Ones: Love Poems For Her From The Heart

গুন গুন সুৰ এটি হৈ

আহিছে ব’হাগৰ প্ৰথম বৰষুণ জাক 

হিম শীতল এচাটি চেঁচা সুবাস লৈ

ব’হাগৰ আকাশত কজলা মেঘে বজাইছে গাজনিৰ ঢোল

মোৰ দেহ মনত লগাইছে আনন্দৰ বোল

কিয়নো ব’হাগৰ প্ৰথম  বৰষুণ জাক মোৰ বুকুৰ আপোন ৷

নামিছে বুকুত  মায়াবী সপোনৰ শিহৰণ

ব’হাগৰ আকাশৰ পৰা  নামি অহা বৰষুণৰ টোপালবোৰত

তিতিছিলো তোমাৰ সতে  এনে এজাক বৰষুণত

সেয়ে ব’হাগৰ প্ৰথম  বৰষুণ জাক মোৰ প্ৰিয় ৷৷

চিপ চিপ্ মায়াবী বৰষুণজাকত

কলেজৰ বগা ইউনিফৰ্ম জোৰে তোমাক

সপোনৰ পৰী যেন লাগিছিল, 

তোমাক দেখি পাহৰি গৈছিলো বিষাদৰ সকলো ৰাগিণী

খিলখিলাই হাঁহি উঠিছিল

বৰষুণৰ কণ কণ ৰূপালি তৰা

ভালপোৱাৰ গান গুণ গুনাই !

কজলা আকাশত  মেঘে মাৰিছিল গাজনি

মোৰ হাতৰ আঙুলিৰ ফাঁকত

ধৰিছিলা তোমাৰ আঙুলিৰে ভয়ত চেপি

আজিও জীপাল হৈ আছে

হৃদয়ৰ কোনোবা কোণত সেই অনুভূতি ৷৷

আহিবানে আকৌ  ব’হাগৰ প্ৰথম  বৰষুণ জাক হৈ তুমি

জীপাল কৰিবলৈ মোৰ হৃদয়ৰ পথাৰখন

তোমাৰ হাতত হাত ধৰি আকৌ  হিয়া ভৰি তিতিম

দুহাত মেলি বৰষুণৰ টোপালবোৰ চুই খিলখিলাই হাঁহিম

হৃদয়ে কৰিব গুণগুণ বোৱাই ভালপোৱাৰ নদীখন

নিবিড়ভাবে সাৱটিবা বৰষুণ জাকৰ কোমল পৰশত

বুকত শুই থকা সপোনে সাৰ পাই উঠা আবেগৰ ৰোমন্থনত

হাঁহি কান্দোনৰ মাজত নাজানো ক’ত

হেৰাই গ’ল জীৱনৰ ৰংবোৰ

তথাপি হিয়া উজাৰি অপেক্ষা কৰিছো

তিতিবলৈ তোমাৰ সৈতে বহাগৰ প্ৰথম বৰষুণ জাকত !

যদিও ৰাখিব নোৱাৰো তোমাক আজন্ম মোৰে কাষত

তথাপি হিয়া উজাৰি আশা কৰো বসন্তৰ দুৱাৰ দলিত

আহিবা সেউজীয়া সপোন হৈ ব’হাগৰ প্ৰথম বৰষুণ জাকত তুমি

বাৰুকৈয়ে প্রয়োজন আজি মোক

হিম শীতল চেচাঁ পৰশ দিয়া সেই বৰষুণজাকৰ ৷৷

************************************

Also Check:-

প্ৰতিটো মুহুৰ্ত  ভালে থকাৰ  অভিনয়  কৰাৰ নামেই জীৱন !!

জোনাকৰ  হাততেই  হাত  ধৰি !

তোমাক পাহৰিব বিচাৰিছো

নিৰবতাৰ আস্ফালন

তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত

কথা আছিল! কথা নাছিল!

তোমাৰ সপোনৰ ৰাজকুমাৰ হ’ব নোৱাৰো

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

তোমাৰ অনুপস্থিতিত

অনুভৱ কৰানে তুমি

মনত পৰেনে তোমাৰো কেতিয়াবা !

যান্ত্ৰিকতাৰ বলি হলো অ’ মা

সময়

সোণালী পথাৰ Poem on nature

Leave a Comment

Your email address will not be published. Required fields are marked *